Class 11 Assamese Question Answers
মূল চিলেবাছৰ বাবে তললৈ যওক |
We have updated the comprehensive SCERT Class
11 Assamese Question Answer Book Solutions for SEBA/AHSEC Books. These
solutions include Class 11 answers, a guide to Assam Textbooks, chapter-wise
notes in PDF format, model question papers, and study materials. Our resources
are designed to help students understand the concepts behind each question in a
clear and detailed manner.
সাহিত্য সৌৰভ একাদশ শ্ৰেণী |
||
পাঠ নং |
পাঠৰ নাম সমূহ: |
|
গদ্যাংশ |
||
পাঠ – ১: |
ধনৰ ব্যৱহাৰ |
|
পাঠ – ২: |
অসমত মহাত্মা গান্ধীৰ প্ৰথম পদাৰ্পণ |
|
পাঠ – ৩: |
গৌৰৱ |
|
পাঠ – ৪: |
কিতাপৰ কথা |
|
পাঠ – ৫: |
গিবন |
|
পাঠ – ৬: |
কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান |
|
পাঠ – ৭: |
অসমৰ পুৰণি খেল-ধেমালি |
|
পাঠ – ৮: |
এভাৰেষ্টৰ সপোন আৰু বিভীষিকা |
|
পাঠ – ৯: |
বিয়াৰ প্রেজেন্ট |
|
পাঠ – ১০: |
ৰাবনক বিভীষনৰ সজ উপদেশ |
দ্বিতীয় ধৰণ |
পদ্যাংশ |
||
পাঠ – ১১: |
বৰগীত |
|
পাঠ – ১২: |
ধনবৰ আৰু ৰতনী কবিতা |
|
পাঠ – ১৩: |
বনকুঁৱৰী |
|
পাঠ – ১৪: |
লাচিত ফুকন |
|
পাঠ – ১৫: |
ৰাজপথ |
|
পাঠ – ১৬: |
এখন চিঠি |
|
অতিৰিক্ত পাঠ |
||
পাঠ – ১৭: |
কুশল কোঁৱৰ |
ডাউনলোড মূল চিলেবাছৰ |
ভাষা-শিক্ষাৰ
উদ্দেশ্য :
ASSAMESE
(MIL)
SYLLABUS
FOR HIGHER SECONDARY COURSE
অসমীয়া বিষয়ৰ পাঠ্যক্রম
ভাষা মানৱ সভ্যতাৰ
অপৰিহাৰ্য অংগ। সকলো মানুহে বিভিন্ন উদ্দেশ্যত ভাষা ব্যৱহাৰ কৰে। ভাষা হ'ল মানুহৰ মনৰ ভাব আদান-প্ৰদানৰ মাধ্যম। কেৱল আদান-প্ৰদানৰ
মাধ্যমেই নহয়, ভাষা আয়ত্তৰ জৰিয়তে
জ্ঞান আহৰণৰ পথো প্রশস্ত হৈ থাকে। জন্মৰ পিছৰ পৰা শিশুৱে ভাষা আয়ত্ত কৰে।
শিক্ষাগত অৰ্হতা গ্ৰহণৰ বাবে বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰা ভাষা শিক্ষাৰ বিশেষ দিশ
উন্মোচিত হয়। সামাজিক প্ৰাণীৰূপে মানুহে ভাষা আয়ত্ত কৰে বিভিন্ন ক্ষেত্ৰত, বিভিন্ন ধৰণে। ছাত্ৰ-ছাত্ৰীক ভাষা-শিক্ষা প্ৰদানৰ উদ্দেশ্য
হৈছে বিভিন্ন পাঠৰ জৰিয়তে জীৱন আৰু জগত সম্পৰ্কে অৱগত কৰোৱা। ভাষা-শিক্ষা এক জটিল
প্রক্রিয়া। উচ্চতৰ মাধ্যমিক স্তৰত ছাত্ৰ-ছাত্ৰীক ভাষা-শিক্ষা প্ৰদান কৰোঁতে
বিভিন্ন পদ্ধতি আৰু কৌশল অৱলম্বন কৰিব লাগিব।
ভাষা-শিক্ষাৰ কৌশল :
ভাষা-শিক্ষাৰ ক্ষেত্ৰত
কেইবাটাও কৌশল অৱলম্বন কৰা হয়। পঠন, লিখন, শ্ৰৱণ আৰু কথন— এইকেইটা কৌশল প্রধান। অৱশ্যে উচ্চতৰ মাধ্যমিক স্তৰত আন কেতবোৰ
কৌশলৰ প্ৰতিও সজাগ হ'ব
লাগিব। ইয়াৰ ভিতৰত কথোপকথনৰ কৌশল, উচ্চস্তৰীয় লিখন কৌশল, টোকা প্রস্তুত, সাৰাংশ প্রস্তুত, ব্যাকৰণৰ জ্ঞান আহৰণ আদি অন্যতম। বিশেষ গুৰুত্ব দিবলগীয়
দিশ :
উচ্চতৰ মাধ্যমিক স্তৰত
পঠনৰ দিশত বিশেষ গুৰুত্ব দিয়া নহয় যদিও, ইয়াৰ প্ৰয়োজন আছে। কাৰণ ব্যাকৰণৰ জ্ঞান আয়ত্ত কৰোঁতে
অথবা সঠিক উচ্চাৰণৰ প্ৰতি লক্ষ্য ৰাখোঁতে এই পঠন অপৰিহাৰ্য। শ্ৰৱণ আৰু কথনৰ দিশতো
গুৰুত্ব দিব লাগিব। ইয়াৰ লগে লগে অধিক গুৰুত্ব দিবলগীয়া বিষয়টো হ'ল লিখন। ব্যাকৰণৰ বিষয়বোৰ প্ৰস্তুত, পাঠ সম্বন্ধীয় প্রশ্নাৱলী প্ৰস্তুত, শ্ৰৱণ আৰু কথনৰ জৰিয়তে কথোপকথনৰ কৌশল অতি আৱশ্যক।
ছাত্ৰ-ছাত্ৰীৰ (পাঠৰ মৌখিক উপস্থাপন, সামূহিক পাৰস্পৰিক আলোচনা, পাঠৰ মূল বক্তব্যৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ, টোকা সঠিকভাৱে প্রস্তুত, পাঠৰ লগত সংগতি থকা বিষয়ৰ অৱতাৰণা, ব্যাকৰণৰ জ্ঞান প্ৰদানৰ জৰিয়তে ভাষা-জ্ঞান বৃদ্ধি— এই
বিষয়বোৰৰ প্রতি শিক্ষকে মনোনিবেশ কৰিব লাগিব। ৰচনা লিখন, পত্র লিখন, সৃষ্টিধর্মী লিখন আদি বিষয়বোৰ ছাত্ৰ-ছাত্ৰীৰ ভাষা আহৰণৰ অন্যতম আহিলা।
শিক্ষকে ছাত্ৰ-ছাত্ৰীক এই দিশত অনুশীলনৰ জৰিয়তে উপযুক্ত কৰি গঢ় দিবলৈ সক্ষম হ'ব । অসমীয়া (আধুনিক ভাৰতীয় ভাষা )
পটভূমি :
একাদশ আৰু দ্বাদশ
শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অসমীয়া সাহিত্যৰ নিৰ্বাচিত পাঠ অধ্যয়নৰ জৰিয়তে
ঐতিহ্যমণ্ডিত অসমীয়া ভাষা সাহিত্য সম্পর্কে সম্যক জ্ঞান দিবলৈ বিচৰা হৈছে। এই
উদ্দেশ্য আগত ৰাখিয়ে অসমীয়া সাহিত্যৰ প্ৰাচীন, মধ্য আৰু আধুনিক যুগত ৰচিত নিৰ্বাচিত লেখকৰ পাঠ পাঠ্যক্ৰমত
অন্তৰ্ভুক্ত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষা শুদ্ধ ৰূপত শিকিব/লিখিব পৰাত
সহায়ক হ'ব বুলি বিবেচনা কৰি
আৱশ্যকীয় ব্যাকৰণ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।
উদ্দেশ্যঃ
পাঠ্যক্ৰম যুগুত কৰোঁতে
এই কথাকেইটালৈ দৃষ্টি ৰখা হৈছেঃ
ছাত্ৰ-ছাত্ৰীয়ে
পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত পাঠ যাতে সহজে আয়ত্ত কৰিব পাৰে। পাঠবোৰ যাতে ৰসাল
হয়। পাঠ অধ্যয়নৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মনত যাতে জাতীয় সংস্কৃতি
ঐতিহ্যৰ ভাব জাগ্রত হয়। ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভাষাৰ উপৰি শ্ৰেণীকোঠাৰ বহুভাষিক
বাস্তৱ পৰিস্থিতিৰ লগত খাপ খাব পৰা হোৱাকৈ পাঠ্যক্ৰম যুগুত কৰা বিশ্লেষণাত্মক আৰু
সৃষ্টিধর্মী দুয়োটা দিশতে গুৰুত্ব প্ৰদান কৰা। বিষয়বস্তু অনুসৰি
ভাষাৰ স্তৰ যে বেলেগ তাৰ প্ৰতি দৃষ্টি দিয়া। লিখিত ভাষা যে
ব্যাকৰণ, অভিধানৰ দ্বাৰা
নিয়ন্ত্ৰিত সেই কথা জানিবৰ বাবে ব্যাকৰণ আৰু অভিধান চৰ্চা কৰিবলৈ উদ্গনি দিয়া ।